মোৰো এটা সপোন আছে:এক সমালোচনাত্মক বিৱৰণ
গ্ৰন্থ:"মোৰো এটা সপোন আছে" লেখক: ড॰ ৰুবুল মাউত প্ৰত্যেক মানুহৰ জীৱনত এটা লক্ষ্য থাকে।এটা সপোন থাকে।প্ৰত্যেক ব্যক্তিয়েই জীৱনত সফলতা অৰ্জন তথা জীৱনটো সুন্দৰভাৱে উপভোগ কৰিব বিচাৰে।কিন্তু সফলতাৰ এই যাত্রা সুগম নহয়।এই পথ কণ্টকময়।জীৱনৰ প্ৰত্যেক স্তৰতে সন্মূখীন হোৱা প্ৰত্যাহ্বান নেওচি সফলতাৰ উচ্চ শিখৰ আৰোহণ কৰিব পাৰি।সপোনক বাস্তৱ ৰূপ দিব পাৰি।তাৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ লগতে এটি সুন্দৰ মন।যাৰ জৰিয়তে সপোনৰ শীৰ্ষ বিন্দুত উপনীত হ'ব পাৰি।এনে এক বাস্তৱ অভিজ্ঞতাৰে পৰিপুষ্ট ড॰ ৰুবুল মাউতৰ দ্বাৰা ৰচিত 'মোৰো এটা সপোন আছে' এখন আত্মজীৱনীমূলক গ্ৰন্থ।গ্ৰন্থখনৰ জৰিয়তে লেখকে কঠোৰ সংগ্ৰামৰ মাজেৰে পাৰ কৰা শৈশৱ-কৈশোৰ তথা জীৱনত লাভ কৰা ঘাট-প্ৰতিঘাতৰ মাজেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ কৰা যাত্রাক সাৱলীল ভাষাৰে বৰ্ণনা কৰিছে।প্ৰতিবন্ধকতাৰ মাজতো সপোন দেখা প্ৰতিজনৰ হাতত লেখকে গ্ৰন্থখন উচৰ্গা কৰিছে।গ্ৰন্থখনত লেখকে তেখেতৰ দৰিদ্ৰতাৰ বিৰুদ্ধে কৰা যুঁজখনক চাৰিটা অধ্যায়ৰ মাজেৰে দাঙি ধৰিছে। এইকেইটা হৈছে শৈশৱ,সংগ...