নাৰী সবলীকৰণৰ প্ৰাসংগিকতা:
নাৰী সবলীকৰণ বিষয়টোৱে বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চৰ্চিত হৈছে। সাধাৰণতে সৱলীকৰণ হ'ল এটা পদ্ধতি যাৰ জৰিয়তে শক্তিহীন নাৰী সৱল হয় আৰু লগতে স্বাধীনভাৱে জীয়াই থাকিবলৈ আত্মবিশ্বাস ঘূৰাই পায়। অৰ্থাৎ নাৰী সবলীকৰণ মানে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক ক্ষেত্রত সকলো বাধা আঁতৰাই স্বাধীনভাৱে চলিব পৰা ক্ষমতা অৰ্জনৰ লগতে পৰিয়ালতেই হওঁক বা বাহিৰৰ কৰ্মক্ষেত্রতেই হওঁক পুৰুষপ্ৰধান সমাজৰ পৰা পোৱা বিভিন্ন বাধাৰ বিলুপ্তিকৰণ।যিহেতু আমাৰ সমাজখন হৈছে পুৰুষপ্ৰধান সমাজ ব্যৱস্থা।এনে এখন সমাজত প্ৰকৃততে পুৰুসকলেই সৰ্বেসৰ্বা যদিও নাৰী আৰু পুৰুষক লৈহে সমাজখন গঠিত হৈছে।গতিকে নাৰীৰ অন্তৰত থকা সুপ্ত মানৱাত্মাক জাগ্ৰত কৰি প্ৰকৃত মনুষ্যত্ব লাভ কৰিবলৈ হ'লে নাৰী সৱলীকৰণ অপৰিহাৰ্য।যিহেতু কিছু বছৰ আগলৈকে আমাৰ দৰে পুৰুষপ্ৰধান সমাজ এখনত নাৰী সৱলীকৰণ বুলিলে নাৰীক এখন তাঁতৰ শাল,এটা চিলাই মেচিন বা স্বাস্থ্যশিবিৰ এটাৰ কথাই বুজাইছিল। এনেধৰণৰ অস্থায়ী সকাহ দিয়াৰ ব্যৱস্থাই নাৰীক এটা সময়ৰ পাছত পুনৰ আগৰ অৱস্থালৈ যায়।কিন্তু কুৰি শতিকাৰ শেষৰফালে নাৰী সবলীকৰণৰ অৰ্থ সলনি হ'ল।নাৰী সৱলীকৰণ বুলিলে নাৰীৰ ব্যক্তিগত অধিকাৰ তথা মহিলা একগোট হৈ সবল হ'বলৈ সহায় কৰাৰ কথা বুজায়।
সাম্প্ৰতিক সময়ত আমাৰ দেশত নাৰীসকল কিমান সুৰক্ষিত তাত আহি পৰে এটা প্ৰশ্নবোধক চিন।দৈনিক বাতৰিকাকত বা দূৰদৰ্শনৰ পৰ্দাত আমি এনেধৰণৰ বহু কথাই শুনিবলৈ পাওঁ। ই নাৰী সমাজৰ অসুৰক্ষিত অৱস্থাটোকে দাঙি ধৰে। আমাৰ সংবিধানে পুৰুষ মহিলা উভয়কে সম অধিকাৰ সম মৰ্যাদা প্ৰদান কৰিছে যদিও আজিও নাৰী এগৰাকীয়ে কোনো কোনো ক্ষেত্রত পুৰুষৰ সম অধিকাৰ তথা সম সমৰ্যাদাৰ পৰা বঞ্চিত হয়। এনে ক্ষেত্রতে নাৰী সৱলীকৰণৰ প্ৰাসংগিকতা আহি পৰে।ইয়ে নাৰীক অৰ্থনৈতিক, সামাজিক ,ৰাজনৈতিক ক্ষেত্রত পুৰুষৰ সমান্তৰালভাৱে আগবাঢ়ি যোৱাত সহায়ক হ'ব।
মহিলা সবলীকৰণ এটা চলিত আৰু গতিশীল প্ৰক্ৰিয়া।যিহেতু আমাৰ সমাজ ব্যৱস্থাত কিছুমান পৰম্পৰা অতীতৰে পৰা চলি আহিছে যিসমূহ নাৰীয়ে বিভিন্ন সময়ত ভোগ কৰি আহিব লগা হৈছে।লিংগ বৈষ্যমকে আদি কৰি বিভিন্ন ক্ষেত্রত নাৰী অৱহেলিত।সৱলীকৰণৰ উদ্দেশ্য হৈছে বৰ্তমানেও সমাজত প্ৰচলিত পুৰুষ আৰু নাৰীৰ সম্পৰ্কৰ পৰিৱৰ্তন সাধন।যিহেতু নাৰী সৱলীকৰণৰ কিছুমান চৰ্ত -নাৰীৰ শিক্ষাৰ গুণমান, নাৰীৰ সামাজিক অৱস্থা, কমৰ্ক্ষেত্রত নাৰী-পুৰুষৰ সমতা,মহিলা অধিকাৰ আইন।এইসমূহৰ জৰিয়তে মহিলাৰ সৱলীকৰণৰ ক্ষেত্রত আগবাঢ়িব পাৰি।
নাৰী সবলীকৰণৰ বাবে বাস্তৱিকতেই শিক্ষাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়।অৱশ্যে এই শিক্ষাৰ পাঠ আৰু পদ্ধতি নাৰীশক্তি উজ্জীৱিতকৰণৰ বাবে উপযোগী হ'ব লাগিব।গতিকে শিক্ষাক নাৰীয়ে জীৱনৰ অংগ হিচাপে আঁকোৱালি ল'ব লাগিব।সবলীকৰণে মহিলাক বিবাহ,মাতৃত্ব আৰু বৃত্তিৰ ক্ষেত্রত সিদ্ধান্ত লোৱাত সহায়ক হৈছে।শিক্ষাই আৰ্থিক স্বাধীনতা, বিবাহ আৰু জীৱনত পুৰুষৰ ওপৰত নিৰ্ভৰশীলতা হোৱা হ্ৰাস কৰাত সজাগতাৰ সৃষ্টি কৰিছে। আমাৰ দেশ ভাৰতবৰ্ষত বৰ্তমানেও বহু প্ৰান্তত কন্যা শিশুসকলে বঞ্চিত জীৱন কটাবলগা হৈছে।দৈনন্দিন জীৱনৰ বৈষম্য ,অৱজ্ঞাৰ স্বীকাৰ হৈও ঘৰুৱা কাম-কাজৰ বোজা বহন কৰিব লগা হয়। বৰ্তমানেও ভাৰতৰ বিভিন্ন চুকে-কোণে সতীদাহ, ডাইনী হত্যা,শিশুকন্যা বধ,শিশুকন্যা ভ্ৰূণ হত্যা,ধৰ্ষণ, বলাৎকাৰ,যৌতুকৰ কাৰণে বোৱাৰী হত্যা আদি পৰিঘটনা সঘনাই ঘটিব ধৰিছে। এনেবোৰ ক্ষেত্রত আহি পৰে নাৰী সৱলীকৰণৰ প্ৰশ্ন।ইয়াৰ বাবে কিছুমান কল্যাণমূলক কামৰো প্ৰয়োজন যেনে পুষ্টিকৰ খাদ্য,স্বাস্থ্য।কিন্তু কেৱল পৰিসংখ্যাৰ দ্বাৰা উন্নতি নিৰূপণ কৰিব নোৱাৰি।অল্পস্থায়ী ব্যৱস্থাৰ পৰিৱৰ্তে মহিলাৰ উন্নতিৰ কাৰণে মহিলাৰ সা-সম্পত্তিত প্ৰয়োজন বেছি।বিশেষকৈ মাটি-সম্পত্তি,বেংকৰ ঋণ,চাকৰি আদিত পুৰুষৰ সমান মহিলাৰ সমান অধিকাৰ থকা বাঞ্চনীয়।তেতিয়া হ'লে প্ৰকৃত অৰ্থত নাৰী সৱলীকৰণ হৈ উঠিব।নাৰী সবলীকৰণৰ প্ৰক্ৰিয়াটো তলৰ পৰা ওপৰলৈ যাব লাগিব,ওপৰৰ পৰা তললৈ নহয়।
মহিলাৰ সবলীকৰণ যিহেতু নাৰীকেন্দ্ৰিক চিন্তা-চৰ্চা তথা আদৰ্শৰ সৱলীকৰণ।পুৰুষ -মহিলা নিৰ্বিশেষে সম মৰ্যাদা, সম সুযোগেৰে জীয়াই থাকিব পৰা,জীয়াই থাকি আগবাঢ়িব পৰা আৰু সম-অংশীদাৰিত্ব লাভ কৰিব পৰা এখন সমাজ গঠনৰ বাবে এই সংগ্ৰাম। কেৱল মহিলা নহয়,মহিলাসকলৰ ধ্যান-ধাৰণাকে সবলীকৰণৰ প্ৰয়োজনীয়তা আছে।কিয়নো মহিলাসকল কেৱল পৃথক সততা হ'ব নোৱাৰে।সকলো প্ৰসংগতে মহিলাৰ চিন্তা, ধ্যান-ধাৰণা,দৃষ্টিভংগী বিবেচিত হোৱা উচিত।সেয়া লাগিলে সামৰিক এই হওঁক বা মানৱ অধিকাৰ বা নিৰৱচ্ছিন্ন উন্নয়নৰ প্ৰসংগই নহওক কিয়।প্ৰতিতো ক্ষেত্রতে মহিলাসকল জড়িত হৈ আছেই।সমাজৰ সকলো পৰ্যায় তথা সকলো খণ্ডতে মহিলা সৱলীকৰণ সম্ভৱ কৰি তুলিব পাৰিলেহে পৰিস্থিতিৰ পৰিৱৰ্তন সম্ভৱ হ'ব ।মহিলা সবলীকৰণৰ উদ্দেশ্যই হৈছে তেওঁলোকক অৰ্থনৈতিকভাৱে স্বয়ংসম্পূৰ্ণ কৰি তোলা।মহিলাসকলে পৰিয়ালৰ এগৰাকী উৎপাদনশীল আৰু দায়িত্বশীল সদস্যৰূপে অৰ্থনৈতিক দায়বদ্ধতা গ্ৰহণ কৰি উঠিব লাগিব।নাৰী আৰু কন্যাসন্তানসকলৰ প্ৰকৃত প্ৰয়োজনীয়তা সন্দৰ্ভত নাৰী আৰু পুৰুষৰ মাজত সজাগতা সৃষ্টি কৰা। নাৰী আৰু কন্যাসন্তানসকলক তেওঁলোকে বহন কৰা পূৰ্ণ সম্ভাৱনীয়তা সন্দৰ্ভত সজাগ কৰি তেওঁলোকক গতানুগতিকতাৰ পৰা আতৰি নতুন নতুন বৃত্তিত নিয়োজিত হোৱাৰ বাবে উৎসাহ প্ৰদান কৰা লগতে গৃহস্থী কামত সীমাবদ্ধ নাথাকি সকলো ক্ষেত্রতে সমৰ্থবান হোৱাকৈ শিক্ষাৰ ব্যৱস্থা কৰা।খাদ্য বস্ত্র বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তাসমূহৰ লগতে স্বাস্থ্য আৰু নিৰাপত্তাৰ দৰে বিশেষ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ মহিলাসকলৰ বাবে সুযোগৰ ব্যৱস্থা কৰা।উৎপাদনৰ পন্থা,সম্পত্তি আৰু অন্যান্য সম্পদ তথা আয়ৰ ওপৰত নিয়ন্ত্রণ সাৱস্ত্য কৰিব পৰাকৈ মহিলাসকলক সুযোগ প্ৰদান কৰা।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি,শিক্ষাৰ প্ৰসাৰ ,পাশ্চাত্যৰ প্ৰভাৱ আদিৰ ফলত পুৰুষ আৰু মহিলাৰ মাজত পাৰ্থক্য ক্ৰমাৎ হ্ৰাস পাই আহিছে বুলি ক'ব পাৰি ।অৱশ্যে কন্যা হত্যা,যৌতুক প্ৰথা আদি মানৱতাবিৰোধী আচৰণ সমাজত যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে কিন্তু সমাজত নাৰী পুৰুষৰ স্থান সমান বুলি ক'ব পৰা নাযায় তথা সমঅধিকাৰ চিঞৰবোৰ ব্যৰ্থ হ'ব।গতিকে নাৰী সবলীকৰণ হ'বলৈ হ'লে পুৰুষৰ সমমৰ্যাদা পাব লাগিব।নাৰীৰ স্বাধীনতা নাৰীৰ অধিকাৰ।নাৰীৰ বাবে পুৰুষতান্ত্রিক সমাজে সৃষ্টি কৰা নীতি-নিয়ম,আচাৰ-বিচাৰ যুক্তিপূৰ্ণভাৱে দলিয়াই পেলাব পৰাকৈ নাৰী সফল হ'লে সমাজত পুৰুষজাতিৰ সমকক্ষ বুলি নাৰীসকলে দৃঢ়তাৰে ক'ব পাৰিব।গতিকে পুৰুষতান্ত্রিক সমাজত মহিলাৰ বাবে পৰিপুষ্টি,নিয়োগ,শিক্ষা আদিত সমান সুবিধাৰ পৰা উপেক্ষা হোৱা হেতুকে মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱাত হিংসাত্মক ঘটনা প্ৰত্যাহ্বানৰ বিষয় হৈ আছে।এই প্ৰক্ৰিয়াৰ বিৰুদ্ধেই মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা আহি পৰে যিয়ে নাৰীক অৰ্থনৈতিক ,সামাজিক আৰু ৰাজনৈতিক ক্ষেত্রত স্বাধীন আৰু স্বাৱলম্বী কৰি তোলে।
প্ৰিয়ংকা তামূলী
Comments
Post a Comment