হিন্দীৰ বাধ্যতামূলকে অনা-অসমীয়াৰ চাকৰিত সুবিধা প্ৰদান কৰিব:

যিটো সময়ত অসমৰ দৰে এখন ৰাজ্যত স্বয়ং নিজ মাতৃভাষাৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে,সেই সময়তে পুনৰ কেন্দ্ৰত শাসনাধিষ্ঠ মোদী চৰকাৰৰ অসমকে আদি কৰি উত্তৰ-পূৱ ভাৰতৰ আঠখন ৰাজ্যত দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষাক বাধ্যতামূলক কৰা কাৰ্যই ৰাজ্যকেইখনত মাতৃভাষাৰ গুৰুত্ব হ্ৰাস হোৱাৰ শংকাকেই পৰোক্ষভাৱে প্ৰকট কৰিছে।প্ৰাপ্ত তথ্যমতে,সংসদীয় সমিতিৰ বৈঠকত অমিত শ্বাহে উত্তৰ-পূৱ ভাৰতত হিন্দী ভাষাক বাধ্যতামূলক কৰাৰ লগতে ২২ হাজাৰ হিন্দী শিক্ষকক চ‍াকৰি দি উত্তৰ-পূৱলৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰে।যিটো সময়ত অসমৰ দৰে ৰাজ্যত অসমীয়া ভাষাটোক বাধ্যতামূলক কৰাৰ ক্ষেত্রত চৰকাৰে ধনাত্মক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল,তাৰ পৰিৱৰ্তে কেন্দ্ৰই কোৱাৰ দৰে হিন্দী ভাষাক বাধ্যতামূলক কৰাৰ কথাত সজোৰে বিৰোধিতা কৰাৰ পৰিৱৰ্তে অসমৰ স্বয়ং মুখ্যমন্ত্রী ডাঙৰীয়াই হিন্দী ভাষাৰ প্ৰৱৰ্তনে অসমত চাকৰিৰ পোৱাৰ লোকৰ সংখ্যা বাঢ়িব বুলি যিধৰণৰ অদ্ভুত মন্তব্য আগবঢ়ালে ইয়ে প্ৰমাণ কৰিল ভাষাটোৰ ৰক্ষাৰ বাবে ৰজাঘৰীয়া কিমান সজাগ আৰু সচেতন।হিন্দী শিক্ষাৰ বাধ্যতামূলক কৰিলেই যদি অসমীয়া লোকে চাকৰি পোৱাত সুবিধা হ'ব,তেতিয়া হ'লে পোনপটীয়া ভাৱে প্ৰশ্ন উত্থাপিত কৰিব বিচাৰিছো অসমৰ শাসনাধীষ্ঠ চৰকাৰখনক যে ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি আৰু ৰাষ্ট্ৰভাষা ৱাৰ্ধা সমিতি নামৰ দুখন কমিটিয়ে হিন্দী বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰি হিন্দী বিষয়ত স্নাতক ডিগ্ৰীলৈকে প্ৰদান কৰিছিল।কিন্তু সেই পৰীক্ষাত উত্তীৰ্ণ হোৱা স্বত্বেও কিয় হাজাৰ হাজাৰ লোক হিন্দী বিষয়ত ওলোৱা চাকৰিৰ পৰা কিয় বঞ্চিত হৈ আছে। দশম শ্ৰেণীলৈকে ভাষা এটাক বাধ্যতামূলক কৰিলেই যে ভাষা এটাৰ ওপৰত সকলো জ্ঞান লাভ কৰি অসমীয়া লোকেই সহজেই চাকৰি লাভ কৰিব বুলি সহজেই কৈ দিয়া মুখ্যমন্ত্রীজনে এইটো ভাবি চোৱা উচিত কেন্দ্ৰৰ দ্বাৰা নিযুক্ত অসমত ওলোৱা কিন্তু বহু চৰকাৰী চাকৰিতেই স্বয়ং থলুৱা অসমীয়া লোকসকলে নিযুক্তি পোৱাৰ পৰিৱৰ্তে কিন্তু অনা অসমীয়া লোকসকলহে প্ৰাধান্য পোৱা দেখা যায় । সেইয়া কিয় ৰে'ল বিভাগৰ দ্বাৰা ওলোৱা চৰ্তুথ বৰ্গৰ চাকৰিসমূহতেই এইকথা স্পষ্টকৈ জিলিকি থাকে।বেলেগকৈ চালি-জাৰি চোৱাৰ কোনো দৰকাৰেই নাই  যে এতিয়াও হিন্দী ভাষাক বাধ্যতামূলক কৰিলে অসমীয়া লোকে সহজেই চাকৰি পাব বুলি সপোনত উটি-ভাঁহি থকা চৰকাৰখনে এইটো বুজি উঠা ভাল যে হিন্দী আমাৰ ৰাষ্ট্ৰভাষা নাছিল আৰু কেন্দ্ৰীয় চৰকাৰে হিন্দীক চৰকাৰী ভাষা কৰি তাৰ অন্তৰালত সোমাই থকা চৰকাৰৰ 'এক দেশ এক ভাষা' কৰাৰ যি চেষ্টা ই যে প্ৰকৃততে দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ আঘাত হানিছে তাক বুজি উঠা প্ৰয়োজন।কিয়নো ভাৰতবৰ্ষৰ দৰে এখন বৈচিত্র্যপূৰ্ণ দেশত নানা জাতি, নানা ভাষা-ভাষীৰ লোকে বাস কৰে। তেনে ক্ষেত্রত প্ৰত্যেকৰে এক সুকীয়া নিজস্ব মাতৃভাষা আছে। যি প্ৰত্যেক জাতিৰে পৰিচয়। গতিকে হিন্দীক বাধ্যতামূক কৰাৰ পৰিৱৰ্তে অসম চৰকাৰে প্ৰথমতে অসমীয়া ভাষাক অসমৰ বিদ্যালয়সমূহত বাধ্যতামূলক কৰাৰ দিশত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। কিয়নো আমি দেখিবলৈ পাওঁ যে চি.বি.এছ.ইৰ অধীনতে অধ্যয়ন কৰা কিমান জনে ভালকৈ হিন্দী ক'ব পাৰে বা কিমানজনে অসমৰ বাহিৰৰ ৰাজ্যসমূহত চাকৰি কৰি আছে। সেই সংখ্যাও খুবেই সীমিত।গতিকে দশম শ্ৰেণীলৈকে হিন্দী অধ্যয়ন কৰিলেই যে অসমীয়া চাকৰি পোৱাত সুবিধা হ'ব বুলি মুখ্যমন্ত্রী জনাই কোৱা এই মন্তব্য কোনো যুক্তিসন্মত নহয় বৰঞ্চ ইয়াৰ ফলত অসমীয়া লোকসকলৰ যিকোনো ক্ষেত্রত নিযুক্তি পোৱাৰ পৰিৱৰ্তে অনা-অসমীয়াই সহজেই চাকৰিত নিযুক্তি পাব এইকথা স্পষ্টকৈ জিলিকি আছে যিটো ইতিমধ্যে আমি প্ৰতক্ষ্য কৰি আহিছো।


প্ৰিয়ংকা তামূলী


Comments

Popular posts from this blog

নাৰী সবলীকৰণৰ প্ৰাসংগিকতা:

ৰঙালী বিহু: অতীত আৰু বৰ্তমান