Posts

Showing posts from August, 2024

মূল্যবৃদ্ধি আৰু দুখীয়াৰ বিহু:

চৌদিশে এতিয়া মাথোঁ ৰঙালীক আদৰৰ প্ৰস্তুতি। নগৰ কিম্বা গাওঁ সকলোতে কেৱল এতিয়া আনন্দৰ বন্যা।হেপাঁহৰ বিহুটি এতিয়া পদুলীমুখত। আজি ৰঙালীৰ উৰুকা। বজাৰত বিহুৰ সকলো বস্তুৱেই উভৈনদী হৈ পৰিছে।গৰু বিহুৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৰ পৰা আদি কৰি লাৰু পিঠালৈকে। কিন্তু  ইয়াৰ বাবে প্ৰয়োজন কেৱল অৰ্থ।দুবেলা দুমুঠি পেট-ভাতে খাই থকা লোকসকলৰ বাবে হেপাহৰ বিহুটিক উদযাপন কৰাৰ বাবে যে একপ্ৰকাৰৰ চিন্তাৰ বিষয় হৈ পৰিছে। চৰকাৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে যেন গ্ৰামাঞ্চলৰ লোকসকলৰ ওপৰত ৰামটাঙোন সুধাইছে।ক'ভিডকালীন অৱস্থাৰ  বাবে অসমীয়া ৰাইজে দুবছৰে জাতীয় উৎসৱ বিহু পালন কৰিব পৰা নাছিল।কিন্তু মূল্যবৃদ্ধিয়ে কোঙা কৰা পৰিস্থিতিত হেপাহৰ বিহুটিক আদৰিবলৈ যেন সৰ্বসাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে।বজাৰত সকলো সামগ্ৰী উপলদ্ধ হৈ পৰিছে যদিও বিগত বৰ্ষসমূহৰ দৰে যে বিহুৰ বজাৰত গ্ৰাহকৰ সংখ্যা বহু কম। এক কথাত বিহুৰ বজাৰত পূৰ্বৰ দৰে ভিৰো নাই।এনেক্ষেত্রত কোনোমতে খাই থকা লোকসকলৰ বাবে যে বিহুটিক আদৰাৰ বাবে যেন সমস্যাত পৰিব লগা হৈছে। বহু লোকে খালী মোনাৰে ঘৰলৈ উভতিব ল'গা হৈছে। এনেদৰেই যে মূল্যবৃদ্ধিয়ে একপ্ৰকাৰ দুখীয়া লোকসকলৰ বিহু পালন...

নাৰী সবলীকৰণৰ প্ৰাসংগিকতা:

     নাৰী সবলীকৰণ বিষয়টোৱে বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চৰ্চিত হৈছে। সাধাৰণতে সৱলীকৰণ হ'ল এটা পদ্ধতি যাৰ জৰিয়তে শক্তিহীন নাৰী সৱল হয় আৰু লগতে স্বাধীনভাৱে জীয়াই থাকিবলৈ আত্মবিশ্বাস ঘূৰাই পায়। অৰ্থাৎ নাৰী সবলীকৰণ মানে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক ক্ষেত্রত সকলো বাধা আঁতৰাই স্বাধীনভাৱে চলিব পৰা ক্ষমতা অৰ্জনৰ লগতে পৰিয়ালতেই হওঁক বা বাহিৰৰ কৰ্মক্ষেত্রতেই হওঁক পুৰুষপ্ৰধান সমাজৰ পৰা পোৱা বিভিন্ন বাধাৰ বিলুপ্তিকৰণ।যিহেতু আমাৰ সমাজখন হৈছে পুৰুষপ্ৰধান সমাজ ব্যৱস্থা।এনে এখন সমাজত প্ৰকৃততে পুৰুসকলেই সৰ্বেসৰ্বা যদিও নাৰী আৰু পুৰুষক লৈহে সমাজখন গঠিত হৈছে।গতিকে নাৰীৰ অন্তৰত থকা সুপ্ত মানৱাত্মাক জাগ্ৰত কৰি প্ৰকৃত মনুষ্যত্ব লাভ কৰিবলৈ হ'লে নাৰী সৱলীকৰণ অপৰিহাৰ্য।যিহেতু কিছু বছৰ আগলৈকে আমাৰ দৰে পুৰুষপ্ৰধান সমাজ এখনত  নাৰী সৱলীকৰণ বুলিলে নাৰীক এখন তাঁতৰ শাল,এটা চিলাই মেচিন বা স্বাস্থ্যশিবিৰ এটাৰ কথাই বুজাইছিল। এনেধৰণৰ অস্থায়ী সকাহ দিয়াৰ ব্যৱস্থাই নাৰীক এটা সময়ৰ পাছত পুনৰ আগৰ অৱস্থালৈ যায়।কিন্তু কুৰি শতিকাৰ শেষৰফালে নাৰী সবলীকৰণৰ অৰ্থ সলনি হ'ল।নাৰী সৱলীকৰণ বুলিলে নাৰীৰ ব্যক্তিগ...

স্বাধীনতা দিৱস আৰু কিছু অনুভৱ:

    ২০০ বছৰে পৰাধীনতাৰ শিকলিৰে বান্ধ খাই থকা      ভাৰতবৰ্ষই ১৯৪৭ চনৰ আজিৰ দিনটোতে স্বাধীনতাৰ জয়গান গাইছিল। এই স্বাধীনতাৰ আঁৰত আছিল শত-সহস্ৰজনৰ ত্যাগ,আত্মবলিদান।সেইসকল স্বাধীনতা সংগ্ৰামীৰ কেঁচা তেজৰ বিনিময়ত লাভ কৰা স্বাধীনতাৰ বাবে আজি আমি গৰ্বৰে ক'ব পাৰিছো স্বাধীন দেশৰ একো একোজন স্বাধীন নাগৰিক।কিন্তু আমি প্ৰকৃততে স্বাধীন নে? ব্ৰিটিছৰ আধিপত্যৰ পৰা আমি মুক্ত হ'লো সঁচা, কিন্তু আমি আজিও প্ৰকৃত স্বাধীনতাৰ সোৱাদ ল'বলৈ পাইছোনে? কোনবোৰ বিষয়ত আমি আজি নিজকে স্বাধীন বুলি কৈ গৌৰৱ কৰিব পাৰিছো?অথচ আজি দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি দেশৰ স্বাধীনতাৰ গৌৰৱময় ইতিহাস স্মৰণ কৰি "আজাদী কা অমৃত মহোৎসৱ" আয়োজন কৰিছে।কিন্তু যিকলৰ সুদীৰ্ঘ সংগ্ৰামৰ জৰিয়তে দেশৰ পৰা পৰাধীনতাৰ আচ্ছাদন আঁতৰিল,যিয়ে আমাক স্বাধীনতাৰ অমৃত পান কৰালে,সেই স্বাধীনতা উপভোগ কৰিবলৈ সঁচা অৰ্থত আমি পাইছোনে? দেশ স্বাধীন হ'ল।স্বাধীন দেশৰ নাগৰিকৰ বাবে এখন সংবিধান ৰচিত হ'ল। সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰসমূহৰ প্ৰতি কিমান সচেতন বা কিমানে সেই  মৌলিক অধিকাৰ সমূহ উপভোগ কৰিব পাৰিছো।যি সমতাৰ অধিকাৰৰ কথা কোৱা হৈছে, যি স্বা...

মহিলাৰ ক্ষেত্ৰত বিনিয়োগে অগ্ৰগতি ত্বৰান্বিত কৰে:

                      পুৰুষ-নাৰীৰ মাজত বৈষ্যমতা আঁতৰাই পুুৰুষৰ সমানেই নাৰীৰ ক্ষেত্রত সম-অধিকাৰ,সম-মৰ্যাদা স্থাপনৰ উদ্দেশ্যৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত ১৯৭৫ চনৰ ৮ মাৰ্চৰ পৰা আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰি অহা হৈছে।অৱশ্যে ইয়াৰ আগেয়েও বিশ্বৰ কোনো কোনো দেশে নাৰীৰ সম অধিকাৰৰ বাবে নাৰী দিৱস উদযাপন কৰিছিল। "মহিলাত বিনিয়োগ:ত্বৰান্বিত প্ৰগতি" এই বৰ্ষৰ নাৰী দিৱসৰ যি বিষয়বস্তু হিচাপে লোৱা হৈছে,ইয়াক ফলপ্ৰসূ কৰিবলৈ হ'লে প্ৰথমেই নাৰীসকল হ'ব লাগিব নিজে নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ প্ৰতি সজাগ আৰু সচেতন। এগৰাকী নাৰী নিজৰ অধিকাৰৰ প্ৰতি সচেতন হ'বলৈ হ'লে নাৰীগৰাকী শিক্ষিত হোৱাটোও আৱশ্যক।গতিকে নাৰীৰ সৱলীকৰণ হ'বলৈ বাস্তৱিকতেই শিক্ষাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়।আমি যদি ভাৰতৰ প্ৰেক্ষাপটত লক্ষ্য কৰোঁ ভাৰতীয় সংবিধানে নাৰী-পুৰুষক সম অধিকাৰ প্ৰদান কৰিছে যদিও  আজিও নাৰী এগৰাকীয়ে কোনো কোনো ক্ষেত্রত পুৰুষৰ দৰে সম অধিকাৰ তথা সম সমৰ্যাদাৰ পৰা বঞ্চিত হয়। এইক্ষেত্রত নাৰীয়ে নিজে নিজৰ বঞ্চিত অধিকাৰৰ বাবে প্ৰশ্ন উত্থাপন কৰিব পৰা ক্ষমতা থাকিব ...

ৰঙালী বিহু: অতীত আৰু বৰ্তমান

          "ব'হাগ মাথো এটি ঋতু নহয়           নহয় ব'হাগ এটি মাহ           অসমীয়া জাতিৰ ই আয়ুস ৰেখা           গণ জীৱনৰ ই সাহ"                                 -  ড° ভূপেন হাজৰিকা       সঁচাই  বিহু অসমৰ প্ৰত্যেক ব্যক্তিৰ সিৰে সিৰে শিপাই শিপাই আছে। বিহুতেই প্ৰাণ পাই উঠে অসমীয়াৰ কৃষ্টি-সংস্কৃতি। বাপতিসাহোন তিনিওটা বিহুৱেই হৈছে অসমীয়া জাতিৰ পৰিচয়।তিনিওটা বিহুৱেই নিজস্ব স্বকীয়তা আৰু পৰম্পৰাৰ জৰিয়তে অসমীয়া জাতিক সমৃদ্ধ কৰি ৰাখিছে। ফাগুনৰ পছোৱা বতাহে লঠঙা কৰা গছ-বিৰিখে বসন্তৰ আগমনৰ লগে লগে নতুন সাজ পিন্ধি ন কুঁহিপাত মেলাৰ দৰেই কুলী কেতেকীৰ মাতত ব'হাগৰ আগমন ঘটে। পুৰণিক বিদায় দি চহা অসমীয়াই নতুনক আদৰিবলৈ সৰ্বদা ব্যস্ত হৈ পৰে। এইদৰে আৰম্ভ হয় প্ৰকৃতিৰ বুকুলৈ ব'হাগৰ আগমন।ঢোল পেঁপাৰ সুমধুৰ সুৰে আকাশ-বতাহ কঁপাই তোলে। এয়াই যে আমাৰ প্ৰাণৰ ব'হাগ।           বিহুৰ ইতিহাস সম্পৰ্ক...