মহিলাৰ ক্ষেত্ৰত বিনিয়োগে অগ্ৰগতি ত্বৰান্বিত কৰে:


   

          

       পুৰুষ-নাৰীৰ মাজত বৈষ্যমতা আঁতৰাই পুুৰুষৰ সমানেই নাৰীৰ ক্ষেত্রত সম-অধিকাৰ,সম-মৰ্যাদা স্থাপনৰ উদ্দেশ্যৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত ১৯৭৫ চনৰ ৮ মাৰ্চৰ পৰা আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰি অহা হৈছে।অৱশ্যে ইয়াৰ আগেয়েও বিশ্বৰ কোনো কোনো দেশে নাৰীৰ সম অধিকাৰৰ বাবে নাৰী দিৱস উদযাপন কৰিছিল। "মহিলাত বিনিয়োগ:ত্বৰান্বিত প্ৰগতি" এই বৰ্ষৰ নাৰী দিৱসৰ যি বিষয়বস্তু হিচাপে লোৱা হৈছে,ইয়াক ফলপ্ৰসূ কৰিবলৈ হ'লে প্ৰথমেই নাৰীসকল হ'ব লাগিব নিজে নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ প্ৰতি সজাগ আৰু সচেতন। এগৰাকী নাৰী নিজৰ অধিকাৰৰ প্ৰতি সচেতন হ'বলৈ হ'লে নাৰীগৰাকী শিক্ষিত হোৱাটোও আৱশ্যক।গতিকে নাৰীৰ সৱলীকৰণ হ'বলৈ বাস্তৱিকতেই শিক্ষাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়।আমি যদি ভাৰতৰ প্ৰেক্ষাপটত লক্ষ্য কৰোঁ ভাৰতীয় সংবিধানে নাৰী-পুৰুষক সম অধিকাৰ প্ৰদান কৰিছে যদিও  আজিও নাৰী এগৰাকীয়ে কোনো কোনো ক্ষেত্রত পুৰুষৰ দৰে সম অধিকাৰ তথা সম সমৰ্যাদাৰ পৰা বঞ্চিত হয়। এইক্ষেত্রত নাৰীয়ে নিজে নিজৰ বঞ্চিত অধিকাৰৰ বাবে প্ৰশ্ন উত্থাপন কৰিব পৰা ক্ষমতা থাকিব লাগিব।সংবিধানত নাৰীৰ অধিকাৰৰ বাবে বহু ক্ষেত্রত পৃথক ব্যৱস্থা কৰা আছে। এই পৃথকীকৰণ ব্যৱস্থাৰ পৰিৱৰ্তে পুৰুষৰ সমানেই সংবিধানে প্ৰদান কৰা সমঅধিকাৰসমূহ  কেনেদৰে লাভ কৰি নিজক আগবঢ়াই নিব পাৰে তাৰ প্ৰতি নাৰী নিজেই সচতেন হ'ব লাগিব। গতিকে নাৰী সৱল হ'বলৈ হ'লে নাৰীক অৰ্থনৈতিক, সামাজিক ,ৰাজনৈতিক ক্ষেত্রত পুৰুষৰ সমান্তৰালভাৱে আগবাঢ়ই নিব পাৰিব লাগিব । কাৰণ  এগৰাকী শক্তিশালী নাৰীয়ে এখন শক্তিশালী ৰাষ্ট্ৰৰ ভেঁটি নিৰ্মাণ কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন - 

  ১)অৰ্থনৈতিকভাৱে মহিলাসকলক স্বাৱলম্বী কৰি তোলা।

 ২)নিয়োগ,শিক্ষা  আদিত সমান সুবিধাৰ প্ৰদান কৰি  বেটি পঢ়াও,বেটি বাচাও আঁচনিসমূহক বাস্তৱিকতে কাৰ্যক্ষম কৰি তুলি নাৰীৰ প্ৰগতিত অৰিহণা যোগোৱা। 

৩)শৈক্ষিক,ৰাজনৈতিক,অৰ্থনেতিক আদি সকলো দিশতে নাৰীক প্ৰতিনিধিত্ব কৰিব পৰা সুযোগ প্ৰদানৰ জৰিয়তে লিংগ বৈষ্যমতাৰ দূৰ কৰি নাৰীৰ সৱলীকৰণ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰা।

৪)নাৰী আৰু কন্যাসন্তানসকলক তেওঁলোকে বহন কৰা পূৰ্ণ সম্ভাৱনীয়তা সন্দৰ্ভত সজাগ কৰি তেওঁলোকক গতানুগতিকতাৰ পৰা আঁতৰাই অনাৰ লগতে গৃহস্থী কামত সীমাবদ্ধ নাথাকি সকলো ক্ষেত্রতে সমৰ্থবান হোৱাকৈ শিক্ষাৰ ব্যৱস্থা কৰা।খাদ্য বস্ত্র বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তাসমূহৰ ক্ষেত্রত নাৰী যাতে বঞ্চিত হ'ব লগা নহয় তাৰ বাবে ব্যৱস্থা কৰা।

৫)ভাৰতবৰ্ষৰ ক্ষেত্রত নাৰীৰ বাবে যিসমূহ আঁচনি বা কাৰ্যপন্থা হাতত লোৱা হৈছে সেইসমূহৰ উপযুক্ত প্ৰণয়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা আদি। 

     আজিৰ সমাজ ব্যৱস্থাৰ সঁচা অৰ্থত প্ৰগতিৰ দিশত আগবঢ়াই নিবলৈ হ'লে পুৰুষ-নাৰী উভয়ে সমভাৱে আগবাঢ়ি যাব লাগিব। পুৰুষৰ সমানে নাৰীৰ বাবে সকলো ক্ষেত্রতে সমানভাৱে অন্তৰ্ভূক্তিকৰণৰ ব্যৱস্থা কৰিব লাগিব।গতিকে নাৰীৰ বাবে পুৰুষতান্ত্রিক সমাজে সৃষ্টি কৰা নীতি-নিয়ম,আচাৰ-বিচাৰ যুক্তিপূৰ্ণভাৱে দলিয়াই পেলাব পৰাকৈ নাৰী সফল হ'লে সমাজত পুৰুষজাতিৰ সমকক্ষ বুলি নাৰীসকলে দৃঢ়তাৰে ক'ব পাৰিব।গতিকে সমাজত প্ৰগতি নিশ্চিত কৰিবলৈ পুৰুষ-নাৰীৰ সমবিকাশৰ নিতান্তই আৱশ্যক।


 ✍প্ৰিয়ংকা তামূলী

    

Comments

Popular posts from this blog

নাৰী সবলীকৰণৰ প্ৰাসংগিকতা:

হিন্দীৰ বাধ্যতামূলকে অনা-অসমীয়াৰ চাকৰিত সুবিধা প্ৰদান কৰিব:

ৰঙালী বিহু: অতীত আৰু বৰ্তমান