স্বাধীনতা দিৱস আৰু কিছু অনুভৱ:
২০০ বছৰে পৰাধীনতাৰ শিকলিৰে বান্ধ খাই থকা ভাৰতবৰ্ষই ১৯৪৭ চনৰ আজিৰ দিনটোতে স্বাধীনতাৰ জয়গান গাইছিল। এই স্বাধীনতাৰ আঁৰত আছিল শত-সহস্ৰজনৰ ত্যাগ,আত্মবলিদান।সেইসকল স্বাধীনতা সংগ্ৰামীৰ কেঁচা তেজৰ বিনিময়ত লাভ কৰা স্বাধীনতাৰ বাবে আজি আমি গৰ্বৰে ক'ব পাৰিছো স্বাধীন দেশৰ একো একোজন স্বাধীন নাগৰিক।কিন্তু আমি প্ৰকৃততে স্বাধীন নে? ব্ৰিটিছৰ আধিপত্যৰ পৰা আমি মুক্ত হ'লো সঁচা, কিন্তু আমি আজিও প্ৰকৃত স্বাধীনতাৰ সোৱাদ ল'বলৈ পাইছোনে? কোনবোৰ বিষয়ত আমি আজি নিজকে স্বাধীন বুলি কৈ গৌৰৱ কৰিব পাৰিছো?অথচ আজি দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি দেশৰ স্বাধীনতাৰ গৌৰৱময় ইতিহাস স্মৰণ কৰি "আজাদী কা অমৃত মহোৎসৱ" আয়োজন কৰিছে।কিন্তু যিকলৰ সুদীৰ্ঘ সংগ্ৰামৰ জৰিয়তে দেশৰ পৰা পৰাধীনতাৰ আচ্ছাদন আঁতৰিল,যিয়ে আমাক স্বাধীনতাৰ অমৃত পান কৰালে,সেই স্বাধীনতা উপভোগ কৰিবলৈ সঁচা অৰ্থত আমি পাইছোনে? দেশ স্বাধীন হ'ল।স্বাধীন দেশৰ নাগৰিকৰ বাবে এখন সংবিধান ৰচিত হ'ল। সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰসমূহৰ প্ৰতি কিমান সচেতন বা কিমানে সেই মৌলিক অধিকাৰ সমূহ উপভোগ কৰিব পাৰিছো।যি সমতাৰ অধিকাৰৰ কথা কোৱা হৈছে, যি স্বাধীনতাৰ অধিকাৰৰ কথা উল্লেখ আছে, কিমানে সেইখিনি সঁচা অৰ্থত উপভোগ কৰিছো? য'ত আমি নিজকে স্বাধীন দেশৰ স্বাধীন নাগৰিক বুলি কৈ আহিছো,কিমানে মুক্তমনেৰে স্বাধীনতা দিৱসৰ দিনা ঘূৰিব পাৰিছো? আজি দেশত স্বাধীনতাৰ ৭৫ টা বছৰ হ'ল আৰু স্বাধীনতাৰ ৭৫ টা বছৰৰ পিছতো কিন্তু দেশৰ এনে বহু এলেকা আছে য'ত শিক্ষাৰ পোহৰে এতিয়াও ঢুকি পোৱা নাই? য'ত স্বাধীনতাৰ ইমান বছৰৰ পিছতো বিনা দ্বিধাই স্বাধীনভাৱে ঘূৰিব পৰা নাই? য'ত একো একোগৰাকী নাৰীয়ে পুৰুষৰ অধীনত পৰাধীনতাৰ শিকলিত বন্দীত্ব জীৱন কটাবলগীয়া হয়?দেশৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষকসকল,শ্ৰমিকসকল যিয়ে শ্ৰমৰ সঠিক মুল্য ,তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয়।য'ত কিছু কিছু ক্ষেত্রত আমাৰ বাক্ স্বাধীনতা খৰ্ব হয়। অথচ আমি নিজকে কওঁ স্বাধীন দেশৰ স্বাধীন নাগৰিক।আমি স্বাধীনতা ঠিকেই পালোঁ অথচ স্বাধীন হৈওঁ কিন্তু আমি কোনোবাখিনিত বন্দীত্বৰ শিকলিৰে আৱদ্ধ হৈ থাকিব লগা হৈছে।যিদিনাই আমি স্বাধীনতাৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰিব পাৰিম সেইদিনাই আমি গৌৰৱেৰে ক'ব পাৰিম আমি এখন স্বাধীন দেশৰ সচাঁ অৰ্থত স্বাধীন নাগৰিক। শেষত স্বাধীনতা দিৱসৰ এই শুভক্ষণত প্ৰত্যেকজন ভাৰতবাসীলৈ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
জয় হিন্দ
✍✍ প্ৰিয়ংকা...
Comments
Post a Comment