Posts

Showing posts from October, 2024

হিন্দীৰ বাধ্যতামূলকে অনা-অসমীয়াৰ চাকৰিত সুবিধা প্ৰদান কৰিব:

যিটো সময়ত অসমৰ দৰে এখন ৰাজ্যত স্বয়ং নিজ মাতৃভাষাৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে,সেই সময়তে পুনৰ কেন্দ্ৰত শাসনাধিষ্ঠ মোদী চৰকাৰৰ অসমকে আদি কৰি উত্তৰ-পূৱ ভাৰতৰ আঠখন ৰাজ্যত দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষাক বাধ্যতামূলক কৰা কাৰ্যই ৰাজ্যকেইখনত মাতৃভাষাৰ গুৰুত্ব হ্ৰাস হোৱাৰ শংকাকেই পৰোক্ষভাৱে প্ৰকট কৰিছে।প্ৰাপ্ত তথ্যমতে,সংসদীয় সমিতিৰ বৈঠকত অমিত শ্বাহে উত্তৰ-পূৱ ভাৰতত হিন্দী ভাষাক বাধ্যতামূলক কৰাৰ লগতে ২২ হাজাৰ হিন্দী শিক্ষকক চ‍াকৰি দি উত্তৰ-পূৱলৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰে।যিটো সময়ত অসমৰ দৰে ৰাজ্যত অসমীয়া ভাষাটোক বাধ্যতামূলক কৰাৰ ক্ষেত্রত চৰকাৰে ধনাত্মক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল,তাৰ পৰিৱৰ্তে কেন্দ্ৰই কোৱাৰ দৰে হিন্দী ভাষাক বাধ্যতামূলক কৰাৰ কথাত সজোৰে বিৰোধিতা কৰাৰ পৰিৱৰ্তে অসমৰ স্বয়ং মুখ্যমন্ত্রী ডাঙৰীয়াই হিন্দী ভাষাৰ প্ৰৱৰ্তনে অসমত চাকৰিৰ পোৱাৰ লোকৰ সংখ্যা বাঢ়িব বুলি যিধৰণৰ অদ্ভুত মন্তব্য আগবঢ়ালে ইয়ে প্ৰমাণ কৰিল ভাষাটোৰ ৰক্ষাৰ বাবে ৰজাঘৰীয়া কিমান সজাগ আৰু সচেতন।হিন্দী শিক্ষাৰ বাধ্যতামূলক কৰিলেই যদি অসমীয়া লোকে চাকৰি পোৱাত সুবিধা হ'ব,তেতিয়া হ'লে পোনপটীয়া ভাৱে প্ৰশ্ন উত্থাপিত কৰিব বিচ...

আংবাং

 নিৰ্জন ৰাতিবোৰত এবুকু সপোন বুকুত বান্ধি পুনৰ জীৱন জীয়াৰ সংগ্ৰামে  বুকুত কঢ়িয়াই লৈ ফুৰে অজস্ৰ বিষাদৰ গান.... নিশাৰ গভীৰতাত  সপোনবোৰে পাহি মেলে উত্তৰবিহীনভাৱে পুনৰ একে যাত্রাৰেই  কুচ-কাৱাজ চলে।      @প্ৰিয়ংকা

সঁজাত বন্দী পক্ষীয়ে আকাশ চুৱে

মাক- মাজনী মই ওলালো...ভাইতি-ভনীক তই স্কুলৰ বাবে সাজু কৰাই দিবি ।...সিখন গাৱৰ হাইস্কুলৰ হেড মাষ্টৰ জনৰ ঘৰত নতুনকৈ কাম এটা পাইছো।আজিৰে পৰা তালৈকে যাম। ডাঙৰ ছোৱালী মালতী- কিন্তু মা..... মই মইও তো স্কুললৈ যাব লাগিব। মাক- তই স্কুললৈ গৈ কি কৰিবি? এদিনটো মোৰ দৰে  এনকৈ লোকৰ ঘৰত কাম কৰিব লাগব।    ( তেনেতে দেউতাক ভিতৰলৈ সোমাই আহে) দেউতাক- মাৰাই ঠিকে কৈছে। তই আজিৰ পৰা স্কুললৈ যাব নোৱাৰ। ছোৱালী মানুহে  স্কুললৈ গৈ কি কৰিবি। ইমান শিক্ষা লৈ লাভ নাই। এদিনতো আনৰ ঘৰলৈ বিয়া হৈ গুচি যাবি। মাক: (দেউতাকৰ কথাত সন্মতি প্ৰকাশ কৰি) তাতকৈ ভায়েৰাক অলপ শিক্ষা দিলে সি ভৱিষ্যতে আমাক চাব পাৰিব।        এইবুলি  কৈ মাক কামৰ লৈ ওলায় যায়।.... .........(ট্ৰেইনৰ শব্দ) *(দিন বাগৰি গৈ থাকে। )* *(মালতীৰ মাকে কাম কৰা হেডমাষ্টৰৰ পুতেকে মালতীৰ মাকে মাহেকীয়া ভাৱে পাবলগীয়া তেওঁৰ প্ৰাপ্য দিবৰ বাবে তেওঁলোকৰ ঘৰলৈ আহিছিল...)(হেড মাষ্টৰৰ ল'ৰাজনে মালতী আৰু ভায়েক পঢ়া এল.পি স্কুলখনৰে সহকাৰী শিক্ষক হিচাপে নতুনকৈ যোগদান কৰিছে)*  হেড মাষ্টৰৰ পুতেক-(মালতিলৈ চাই) তোমাৰ নাম কি ...কোন স্কুলত পঢ়ি ...