সঁজাত বন্দী পক্ষীয়ে আকাশ চুৱে

মাক- মাজনী মই ওলালো...ভাইতি-ভনীক তই স্কুলৰ বাবে সাজু কৰাই দিবি ।...সিখন গাৱৰ হাইস্কুলৰ হেড মাষ্টৰ জনৰ ঘৰত নতুনকৈ কাম এটা পাইছো।আজিৰে পৰা তালৈকে যাম।

ডাঙৰ ছোৱালী মালতী- কিন্তু মা..... মই মইও তো স্কুললৈ যাব লাগিব।

মাক- তই স্কুললৈ গৈ কি কৰিবি? এদিনটো মোৰ দৰে  এনকৈ লোকৰ ঘৰত কাম কৰিব লাগব।

   ( তেনেতে দেউতাক ভিতৰলৈ সোমাই আহে)

দেউতাক- মাৰাই ঠিকে কৈছে। তই আজিৰ পৰা স্কুললৈ যাব নোৱাৰ। ছোৱালী মানুহে  স্কুললৈ গৈ কি কৰিবি। ইমান শিক্ষা লৈ লাভ নাই। এদিনতো আনৰ ঘৰলৈ বিয়া হৈ গুচি যাবি।

মাক: (দেউতাকৰ কথাত সন্মতি প্ৰকাশ কৰি) তাতকৈ ভায়েৰাক অলপ শিক্ষা দিলে সি ভৱিষ্যতে আমাক চাব পাৰিব।

       এইবুলি  কৈ মাক কামৰ লৈ ওলায় যায়।....

.........(ট্ৰেইনৰ শব্দ)

*(দিন বাগৰি গৈ থাকে। )*

*(মালতীৰ মাকে কাম কৰা হেডমাষ্টৰৰ পুতেকে মালতীৰ মাকে মাহেকীয়া ভাৱে পাবলগীয়া তেওঁৰ প্ৰাপ্য দিবৰ বাবে তেওঁলোকৰ ঘৰলৈ আহিছিল...)(হেড মাষ্টৰৰ ল'ৰাজনে মালতী আৰু ভায়েক পঢ়া এল.পি স্কুলখনৰে সহকাৰী শিক্ষক হিচাপে নতুনকৈ যোগদান কৰিছে)*

 হেড মাষ্টৰৰ পুতেক-(মালতিলৈ চাই) তোমাৰ নাম কি ...কোন স্কুলত পঢ়ি আছা?

মালতী- (মালতীয়ে কওঁ নকওঁকৈ  মাক দেউতাকৰ ফালে চালে)

হে.পু- আকৌ প্ৰশ্ন কৰিল...

মালতী- এইবাৰ তাই কৈ দিলে...মই পঢ়া এৰিলো ছাৰ

হে.পু-কি কোৱা...পঢ়া এৰিলা...তোমালোকৰ দৰে সম্ভাৱনাময় শিশুৱে এনেকৈ স্কুললৈ নগ'লে দেশ সমাজৰ উন্নতি ক'ত।তুমি পুনৰ কাইলৈৰ পৰা স্কুল যোৱাৰ বাবে সাজু হোৱা...

মালতী-ঠিক আছে ছাৰ...

   শিক্ষয়িত্রী- এইয়া ৰম্ভা লোৱা...তোমাৰ পইছাখিনি...

*(শিক্ষয়িত্রী ঘৰৰ পৰা ওলায় যায়)*

দেউতাক- শিক্ষকে ক'লে বুলিয়ে তই ঘৰৰ কাম এৰি স্কুল  যাব নোৱাৰ।(খংৰে)

মালতী- কিন্তু......

Train sound.....

    *পিছদিনা ৰাতিপুৱা ভায়েকহতঁৰ লগতে মালতী স্কুল যাবৰ বাবে সাজু হৈ আছে।তেনেতে দেউতাকে পুনৰ মালতীক সেই একে কথাই শুনাই ওলাই গ'ল।*


দেউতাক-তোক আৰু কিমান ক''ব লাগিব এই পঢ়া-শুনা ছোৱালীৰ বাবে নহয়।ঘৰৰ  কামত মনত দে...(ট্ৰেইনৰ শব্দ)


 *ইফালে মালতী স্কুল নোযোৱাৰ বাবে...শিক্ষকজন পুনৰ মালতীহতঁৰ ঘৰলৈ আহিল*

হে.পু- মালতী পুনৰ স্কুল যোৱাৰ বাবে সাজু হোৱা..

Train sound 

    *পিছদিনা শিক্ষকৰ কথাত মালতী স্কুল গ'ল। সচাই মালতী এজনী সম্ভাৱনাময় মেধাৱী ছাত্রী।*

*সময় অতিবাহিত হ'ল।...মালতীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে*

    মালতীৰ ৰিজাল্টৰ দিন আহিল...

শিক্ষক- মালতী..মালতী..তোৰ ৰিজাল্টৰ খবৰে আমাক আপ্লুত কৰি তুলিছে। তই বৰ সুন্দৰকৈ উত্তীৰ্ণ হৈ ঘৰৰ লগতে স্কুলৰ নাম ৰাখিলি। তোৰ দৰে ছোৱালী আমাৰ ভৱিষ্যত...( ট্ৰেইনৰ শব্দ)

 তই আৰু পঢ়াশুনা কৰি আগবাঢ়িব লাগিব।

*মালতীৰ মাক-বাইদেউ এই আৰু পঢ়িব নালাগে...এইক আমি বিয়া দিয়াৰ কথা ভাৱিছো।


 *( মাক দেউতাকে মনে মনে ভাল ল'ৰা চাই মালতীক বিয়া দিয়াৰ বাবে যো-যা চলাল) ইমানৰ পিছতো মালতীৰ মাক দেউতাকৰ এটাই কথা ছোৱালী মানুহক শিক্ষিত কৰি লাভ নাই)*

*মালতীক চহৰৰ এজন চাকৰিয়াল উচ্চ শিক্ষিত ল'ৰাৰ লগত বিয়াৰ ঠিক কৰিল।*

মালতী- এইয়া কোন

মাক-তোৰ মানুহজন উদয় ....তই সেৱা এটি কৰ 


*আৰু মালতীক উদয়ৰ হাতত  গতাই দিয়ে...মালতীৰ গিৰিয়েক সচাই এজন সৎ আৰু ভদ্ৰ ল'ৰা।*...টেইনৰ শব্দ)


*মালতীক বিয়া কৰোৱাৰ আগতে উদয়ৰ ঘৰখনে মালতীক পঢ়োৱাৰ কথা দিছিল।উদয়ৰ বাহিৰে কিন্তু পিছত সকলোৱে নিজৰ ৰূপ দেখুৱা হ'ল।*


*(মালতীয়ে পঢ়া শুনা কৰা দেখি)*

উদয়- কাইলৈ মই তোমাক আমাৰ ওচৰৰে কলেজখনত নাম লগায় দিম।

মালতী-মালতীয়ে সন্তুষটিৰ হাহি এটি দিলে...আৰু ক'লে মোৰ শৈশৱত দেখা সপোনটো কেৱল আপুনিয়েই সাকাৰ ৰূপ দিব পাৰিব।...*দিন বাগৰি গৈ আছে...কামৰ মাজতে মালতীয়ে কিতাপবোৰ পঢ়ি থাকে।*

*মালতীয়ে সৰুতেই এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছিল। এই বিষয়ে তাই উদয়ক প্ৰায়ে কৈছিল*


মালতীৰ শাহু- উদয়ৰ মুখৰ পৰা মালতীৰ সপোনৰ কথা জানিব পাৰি তেওঁ মালতীক বোৱাৰী মানুহে এতিয়া পঢ়া-শুনা কৰি লাভ নাই বুলি কৈ খঙেৰে ওলাই গ'ল। (ট্ৰেইনৰ শব্দ)


*কিন্তু মালতী হাৰি যোৱা নাছিল।*

উদয়- তোমাৰ পঢ়া কেনে চলিছে?

মালতী-মই নিজৰ প্ৰচেষ্টা চলাই আছো। 

*(উদয়ৰ প্ৰচেষ্টাতে মালতীয়ে বি.এ পাছ কৰি লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে)*

উদয়- জীৱনত কৰা সংগ্ৰামে তোমাক এদিন সফল কৰিবই।

মালতী- উদয়লৈ চাই হাহি এটা মাৰি

Train sound 

 *পৰীক্ষাৰ দিন কাষ চাপিল...তাইৰ প্ৰস্তুতি দুগুনে বাঢ়িল আৰু অৱশেষত তাই ভালদৰে পৰীক্ষা দিলে*

উদয়- আজি ৰিজাল্টৰ দিন .।।চাবা তোমাৰ কষ্ট সাৰ্থক হ'ব।

মালতী- ভয় আৰু শংকা

উদয়-মালতী...বহুত অভিনন্দন ...তোমাৰ লগতে আজি মোৰ কষ্টবোৰ সাৰ্থক হ'ল; তুমি উজলি উঠিলা আজি।


এদিন সমাজে ছোৱালী বুলি অৱহেলা কৰা নাৰী আজি জিলিকি উঠিছে। শিক্ষাৰ অধিকাৰৰ পৰা তোমাক বঞ্চিত কৰিব লোৱা সমাজে আজি তোমাক লৈ গৌৰৱ অনুভৱ কৰিছে। সমাজৰ পৰা লিংগ বৈষ্যম্য নোহোৱা হৈ  সমাজখনত প্ৰতিগৰাকী নাৰীক শিক্ষাৰ মৌলিক অধিকাৰ প্ৰদান কৰি শিক্ষিত কৰি তোলক....সমাজ জাগি উঠক...

    ✍প্ৰিয়ংকা@

Comments

Popular posts from this blog

নাৰী সবলীকৰণৰ প্ৰাসংগিকতা:

হিন্দীৰ বাধ্যতামূলকে অনা-অসমীয়াৰ চাকৰিত সুবিধা প্ৰদান কৰিব:

ৰঙালী বিহু: অতীত আৰু বৰ্তমান